তুমি চাগে, সচা মৰমেৰে ভৰা
এধানি হৃদয়
সাঁচি ৰাখিছা,
পুৱতি নিশাৰ চিকমিক
নিয়ৰৰ ফুল বুটলিছা,
অথবা এজাক সুখৰ সপোনৰ নাম লিখিছা
তোমাৰ মন আকাশত,
মোলৈ বুলি..............|
অনুগ্রহ কৰি,
তুমি নাসাঁচিবা,
তুমি নুবুটুলিবা,
তুমি নিলিখিবা,
অথলে যাব তোমাৰ সকলো প্রয়াস
দুখৰ কোচত তুলি তালি ডাঙৰ হোৱা
বিৰহৰ কবি মই..
তুমি চাগে নাজানিলা,
দুখহীন অনুপম অনুপম নহয়..
নক'বা মোক মৰম সাঁচিব,
নিদিবা মোক সুখৰ কবিতা লিখিব,
নক'বা মোক সপোন ৰছিব,...|
যদি তুমি সাচিবই বিচাৰিছা.
তেন্তে সাঁচিবা মোলৈ এধানি নিভাঁজ দুখ,
যদি বুটলিবলৈয়ে মেলিছা মন,
মোৰ জীৱনত বেদনাৰ প্রতি খোজ,
যদি লিখিবই জানা তুমি,
তেন্তে লিখা মোৰ বুকুত বিৰহৰ এটি গান,
অন্যথা
ক্ষমা কৰিবা, দুখজাক এৰি তোমাৰ কাষলৈ যাব নোৱাৰিম মই...............||
very touching bro....ai kobita2 porito line't ase ak kobir kabyito aru hosa jobonor kotha....bohut val lagise...
ReplyDeleteতোমাক বহুত ধন্যবাদ বন্ধু..
ReplyDelete