Thursday, January 26, 2012

....প্রেৰণা....

ঠিকনাবিহীন হৈ আছিলো, 
এজাক দুখৰ অশ্রুক সাবটি আছিলো,
বিষাদৰ কুৱলিৰ মাজত,
ডুব গৈ আছিল মোৰ নিসংগ হৃদয়,.....

তুমি আহিলা এজাক মৰমৰ ৰ'দালি হৈ,
আঁতৰাই পঠালা বিষাদৰ কুৱলি,
মৰমৰ জোৱাৰে আৱেগৰ পাৰ ভাগি,
মুচি নিলে দূখৰ সকলো অশ্রু,....

দুহাতত ধৰি মোৰ,
চকুত চকু থই,
কৈ দিলা মোক,
''
তোমাৰ ঠিকনা মোৰ হৃদয়''

Monday, January 2, 2012

অনামিকা...মই অনুপম কলিতাই কৈছোঁ (১)

মই অনুপম কলিতাই কৈছোঁ
হয় ,
তোমাৰ একালৰ হৃদয়ৰ ইনবক্স ফুল কৰি ৰখা
নীলা প্রেমিকজনে কৈছোঁ..
কি খবৰ তোমাৰ ?
শিৰত ৰঙা ফোঁটটোৰে বেচ সুন্দৰ লাগিছে তোমাক,
সেই ৰঙা ফোঁটটোৱে কাৰ অস্তিত্ব কঢ়িয়াই লৈ ফুৰিছে??
মই কেতিয়াই নেভাবো সেয়া মোৰ,
এয়া এক দিঠক তোমাৰ তেওঁৰ,
নহয়নে অনামিকা??
........
তুমি নিৰুত্তৰ হ'বা বুলি আগতেই জানিছিলো,
মোৰ নীলা বুকুত তোমাৰ এই মৌনতা
ফুলি থকা শেৱালী একোটাৰ দৰেই,
সই শেৱালী সৰি ভৰি গ'ল মোৰ বাগিছা,
আৰু অজানিতে বুটুলি লৈ গ'ল আন কোনোবাই,
যাৰ অস্তিত্বৰ উমান মোক কাহানিও দিয়া নাছিলা তুমি.............|

অনামিকা মই অনুপম কলিতাই কৈছো,
সেই দূখী কবিজনে কৈছো,
যাৰ কেতিয়াও সামর্থ নহল
তোমাক পেন্টালুনচ, হাব, বিগবাজাৰত লৈ যোৱাৰ,
তোমাৰ দুচকুত এয়াই মোৰ প্রেমৰ আধৰুৱা ৰূপ,
কি কৰিম কোৱা?
কে.এফ.চিত তোমাক লৈ যোৱাৰ পিছৰ তিনিটা দিন মই লঘোণে আছিলো,
তথাপিও নোৱাৰিলোঁ  তোমাৰ লেগ পিচৰ হেঁপাহ পূৰন কৰিব !
কি কৰিম কোৱা?
তোমাৰ হৃদয়খনি এতিয়া যাৰ অধীনত
সুধিবা
তেওঁ
এজাক মলয়াৰ আমনিত লিখেনে তেওঁ কবিতা??
তেওঁক সুধিবা
নিৰবতাৰ সুৰ ৰছি গান গাইছেনে তেও কেতিয়াবা ??
মই জানো তুমি নোসোধা..অনামিকা
তুমি নোসোধিবাও তেওক
তেওৰ প্রিয় ৰঙ কি ?
সহজে কৈ দিব তেও..ৰঙা
হয়তো তুমি কৈ উঠিবা নহয় নীলা
পিচমূহুর্তত পূনৰ কৈ উঠিবা..ও
ৰঙা
খবৰদ্দাৰ.!
স্মৃতিবোৰক মোৰ ঠিকনা কেতিয়াও নিদিবা,
পাহৰনিৰ গর্ভত এবাৰ মোক ঠেলি,
পুনৰ ওভতাই অনাৰ বিফল প্রয়াস কেতিয়াও নকৰিবা অনামিকা,
কেতিয়াও নকৰিবা...|
তেওক গুথি দিব কবা টকাৰ প্রকান্ড প্ৰকাণ্ড বান্দিল
তোমাৰ আশাৰ পাখিত,
তাকে লৈ উৰিবা তুমি মই নিব নোৱাৰা তোমাৰ প্রিয় ঠাইবোৰত
মাথো নেপাবা বিচাৰি ফাগুন কেতিয়াও মনত...|

অনামিকা মই অনুপম কলিতাই কৈছো,
তোমাৰ কল্পনাৰ বিপৰীতে
মোক, মাথো মোক ভাল পোৱা এজনী গাঁৱলীয়া গাভৰুৰ
প্রেমত পুনৰ জীৱিত হৈ উঠা
পৃথিৱীৰ অন্যতম সুখী মানুহজনে কৈছো...
মই 'অনুপম কলিতা'ই কৈছোঁ..........||

Sunday, January 1, 2012

ক্ষমা কৰিবা ... দুখজাক এৰি তোমাৰ কাষলৈ যাব নোৱাৰিম মই,



তুমি চাগে, সচা মৰমেৰে ভৰা
এধানি হৃদয়
সাঁচি ৰাখিছা,
পুৱতি নিশাৰ চিকমিক
নিয়ৰৰ ফুল বুটলিছা,
অথবা এজাক সুখৰ সপোনৰ নাম লিখিছা
তোমাৰ মন আকাশত,
মোলৈ বুলি..............|

অনুগ্রহ কৰি,
তুমি নাসাঁচিবা,
তুমি নুবুটুলিবা,
তুমি নিলিখিবা,
অথলে যাব তোমাৰ সকলো প্রয়াস
দুখৰ কোচত তুলি তালি ডাঙৰ হোৱা
বিৰহৰ কবি মই..
তুমি চাগে নাজানিলা,
দুখহীন অনুপম অনুপম নহয়..
নক'বা মোক মৰম সাঁচিব,
নিদিবা মোক সুখৰ কবিতা লিখিব,
নক'বা মোক সপোন ৰছিব,...|

যদি তুমি সাচিবই বিচাৰিছা.
তেন্তে
সাঁচিবা মোলৈ এধানি নিভাঁজ দুখ,
যদি বুটলিবলৈয়ে মেলিছা মন,
মোৰ জীৱনত বেদনাৰ প্রতি খোজ,
যদি লিখিবই জানা তুমি,
তেন্তে লিখা মোৰ বুকুত বিৰহৰ এটি গান,
অন্যথা
ক্ষমা কৰিবা, দুখজাক এৰি তোমাৰ কাষলৈ যাব নোৱাৰিম মই...............||