Friday, December 30, 2011

এজাক বৰষুণ

শেষ ক্লাছটো কৰি ওলাই আহিছিলো মাথোঁ,
এজাক চিনাকি বৰষুণ নামি আহিছিল তেতিয়া....

বৰষুনত তিতিব এৰিছো,
পাহৰি গইছো চিঞৰি চিঞৰি গান গাবলে
নোৱাৰা হইছো নিশাৰ আচলত কবিতা লিখিবলে....
মনত এতিয়াও আছে সেই ৰাতিটো
তোমাক যে এৰি আহিছিলো শুকুলা চাদৰৰ তলত
তুমিযে মোক মাত নিদিয়াকে শুই গইছিলা......কিয় শুই গইছিলা????

বন্ধুসকলে বুজাইছিলে
তুমি হেনো আৰু কেতিয়াও সাৰ নোপোৱা,
কিন্তু, মই ৰই আছিলো
মই ৰই আছিলো
ওৰে ৰাতি বৰষুনত তিতি তোমাৰ কাষত
কিজানি তুমি সাৰ পাবা
কিজানি তুমি মোক সাবটি ল'বা
মই ৰই আছিলো তোমাৰ কাষত
শেষবাৰৰ বাবে বৰষুনত তিতি.............।

আজি বহুদিন পিছত
আকৌ তিতিছো,
মন আকাশৰ মেঘজাক গৰজিছে একেলগে,
বৰষাৰ প্রতিটোপালে
মোৰ দেহ মন চুই গইছেহি,
তুমি তুমি গোন্ধোৱা মোৰ দেহ্ত পৰি
চিঞৰি  উঠিছে সিহঁত...
''তাতকৈ যে চেচা তোমাৰ ওঁঠৰ স্পর্শবোৰ সিঁচৰতি হই আছে মোৰ দেহত''
সেইজাক মৰম আজিও ৰাখিছো
সযতনে মোৰ বুকুৰ মাজত................।

চাওঁতে  চাওঁতে বৰষুনজাক নাইকিয়া হই গল,
কিন্তু মইযে তিতিয়ে আছো,
আৰু আজীৱন তিতি থাকিম,
কিয়নো...

স্মৃতিৰ বৰষুণজাক যে সদায় আহে
মোক তোমাৰ মৰমৰ সেই চেচা পৰশ দিবলে..................................॥

মই তোমাৰ কবিতা হ'ব বিচাৰিছিলো !!!!

মই তোমাৰ কবিতা হব বিচাৰিছিলো !!!!
মই নীৰৱে তোমাৰ
ৰঙা দুটি ওঁঠৰ পৰা নিগৰি অহা
প্রতিটো শব্দ হ'ব বিচাৰিছিলো !!
মই তোমাৰ কবিতা হ'ব বিচাৰিছিলো !!!!
কিন্তু................
নোৱাৰিলো,
হয়,নোৱাৰিলো
মই তোমাৰ একোই হ'ব নোৱাৰিলো,
তুমি তোমাৰ সকলো শব্দই স্তদ্ধ কৰি দিলা,
আনকি হৃদয়ৰ স্পন্দনও মই হ'ব নোৱাৰিলো।

স্তদ্ধ হই গ'ল এদিন সেই স্পন্দন
মোৰ হ'ব গই গই....
মাথোঁ মৌনতা আহি ৰই গল বুকুৰ আকাশত।
আৰু যে কেতিয়াও শুনা নগ'ল
বৰষুণৰ শব্দ তাত,
আৰু যে কেতিয়াও
সেউজী নহল নিসংগ বুকু।

অথচ
তুমি কিন্তু কবিতা লিখিলা ,
মই নজনাকইয়ে!!!
মই নজনাকইয়ে মোৰ জীৱনত ,
মৌনতাৰ ভাষাত ,
তুমিহীনতাৰ কবিতা লিখি গ'লা.....

তুমি চিন্তা নকৰিবা,
তোমাৰ সেই অন্তিম আৰু শেষ কবিতাৰ স্মৃতি হই
আজিবন ৰই থাকিম
মৌন কবি হই,
আজিবন ৰই থাকিম
মৌন কবি হই...........॥

তোমাক চোৱাৰ হেঁপাহ জাগিছে,,,

তোমাক চোৱাৰ হেঁপাহ জাগিছে,
নীলা বৰষুণজাক আকৌ নামিছে,
যেন তোমাৰ মৰমহে বৰষিব ধৰিছে,
হৃদয়ৰ বিৰিণাত তুমি নামৰ
ধুনীয়া ফুলপাহ ফুলিছে,
তোমাক চোৱাৰ হেপাহ জাগিছে।

মতলীয়া বতাহজাক আকৌ বলিছে,
পাখি লগা মন তোমালে বুলি উৰা মাৰিছে,
দূৰণিত  ক'ৰবাত বেলিটো
জোনাকলৈ বুলি বাট এৰি দিছে ,
তোমাক চোৱাৰ হেপাহ জাগিছে।

সকলো 'মোৰ'বোৰ 'তোমাৰ',
আৰু 'তোমাৰ'বোৰ 'মোৰ' কৰি দিয়াৰ ,
সেই নিবিড় সন্ধিয়াজাক আকৌ নামিছে,
লাহে লাহে জোনাকে মন আকাশ ছানি ধৰিছে,
দুচকু আতুৰ হই উঠিছে,
তোমাক চোৱাৰ হেঁপাহ জাগিছে।
তোমাক চোৱাৰ ..........হেঁপাহ জাগিছে ।॥

হৃদয়ৰ গান

পদুম পাহিৰ দৰে তোমাৰ গাল দুখনিত
মোৰ মৰমৰ মুকুতাবোৰ পৰিব দিয়া...দিবানে ??
মেঘালী চুলিটাৰি মেলি দিয়া
আৰু জোনাকত জিলিকিব দিয়া,
মোৰ বুকুৰ প্রান্ত-প্রান্ত সেউজী উঠিব
এবাৰ বুকুত আহি তুমি জিৰণি লোৱা ..।


চোৱা, নিয়ৰবোৰ আহিছে জাকে জাকে..
মোৰ হিয়া  কঁপিছে ঘনে গনে...।

নিয়ৰবোৰ আহিছে জাকে জাকে..
মোৰ হিয়া কপিছে ঘনে ঘনে...
তোমাৰ বাবেই ওঁঠ  দুটি মোৰ নাচি উঠে,
আৰু জুৰে গানৰ সুৰ
গোপনে গোপনে
গোপনে গোপনে........।


ৰাঙলী সন্ধিয়া পৰত,
বেলি ডুবে মোৰ প্রতি উশাহত,
যদিও তোমাৰ অপেক্ষা মোৰ বুকুত,
তুমি আছা মোৰ কল্পনাত,
মোৰ গানৰ প্রতি ভাঁজত,
আনে নজনাকে
আনে নজনাকে........।
ৰই আছো যে মই
তোমাৰ বাবে
মাথোঁ তোমাৰ বাবে...........॥

তুমি দুখ নকৰিবা

তুমি দুখ নকৰিবা

বহুদিনেই হ'ল তোমাক মুকলি কৰি নিদিয়াৰ,
আৱদ্ধ কৰি ৰাখিছো সংগপনে বুকুৰ গভীৰতাত
দুষ্ট তুমি,
জানো ওলাই আহি আকৌ কাৰোবাৰ হৃদয় চুৰি কৰা!
মোৰ ইমান কোঠালি নাই বুকুত সকলোকে ৰাখিবৰ,
নুবুজা তুমি,
দুষ্ট তুমি....

থাকা,
অনুভৱৰ শীতল ছায়াত
পৰি থাকা ভাবনাৰ কোলাত,
আৱেগে তোমাক ৰং সানিব,
কল্পনাই ওমলাব,
তুমি চিন্তা নকৰিবা,
তুমি ওলাই নাহিবা,
বুকুতে থাকা মনটোক নিচুকাই...

শব্দবোৰে তোমাৰ অনুপস্থিতি মোক অভিযোগ কৰে,
তোমাকে বিচাৰে অনবৰতে,
তোমাৰ গাত ওমলিব বিচাৰে থিক কপৌজোপাৰ দৰে,
পাগলবোৰ কৰবাৰ!
খন্তেকতে ধুমুহা আনে আনৰ পথাৰত,
উৰুৱাই আনে ক'ত হৃদয়...
বদমাছ সিহত!
তোমাক পালে উন্মাদ ফাগুন যেন হই পৰে...

মোৰ ডায়েৰিখনো তুমিহিনতাত ভুগিছে,
উকা পাত তাৰ হালধিয়া পৰি গইছে,
তুমি দূখ নকৰিবা
সময়ত নিজেই নীলা হব তাৰ সাজ
তোমাৰ নীলাভ স্পৰ্শত..
তুমি দুখ নকৰিবা
বুকুতে থাকা মনটোক নিচুকাই...
তুমি দুখ নকৰিবা
বুকুতে থাকা মনটোক নিচুকাই..